পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰগীত


শব্দত। সূৰ শেখৰ- দেৱশ্ৰেষ্ঠ বা বীৰশ্ৰেষ্ঠ। তুৱাপৰি—তোমাৰ ওপৰত। ফনধৰ-নাগ। মহীধৰ-পৰ্বত। তৰসি- ভয়ত। চড়াই-তুলিলৈ।

ৰাগ-ধনশ্ৰী।

ধ্ৰুং-নাৰায়ণ; কাঁহে ভকতি কৰো তেৰা। মেৰি পামৰুমন, মাধৱ ঘনে ঘন, ঘাতুক পাপ নচাোৰা।

পদ—যত জিব জঙ্গম, কিট পতঙ্গম, অগনগ জগতেৰি কায়া। সবকহু মাৰি, পুৰত ওহি উদৰ, নাহি কৰতু * ভুত দায়॥ ঈসম্বৰূপে হৰি, সব ঘটে বৈঠহ, জৈচন গগন বিয়াপী। নিন্দাবাদ পিসুন হিংসা হৰি, তেৰি কৰোহো হামুপাপী॥ কাকু শঙ্কৰ কৰ, কৰ কৰুণা নাথ, জোনোচাৰহোঁ ৰামবাণি। সব অপৰাধক বাধক তুৱা নাম, তাহে সবা লেহু জানি ॥ধ্ৰুং৪॥

কাহেঁ-কেনেকৈ। মেৰি—মোৰ। নাছোৱা-নেৰা। পামক-পাপী। ঘনে ঘন-বাৰে বাৰে, সদায়। ঘাতুক-মাৰক; নাশকাৰী। মেৰি....নাছোৰা —হে মাধৱ, মোৰ পাপীমন সদায় সৰ্বনাশকাৰী পাপ নেৰে (ত্যাগ নকৰে) অৰ্থাৎ মোৰ পাপী মনে সদায় পাপ এৰিব নোৱাৰে। কাকু-কাকুতি। জঙ্গম-ঢলিব পাৰা, মানুহ আদি। অগ—চলিব নোৱাৰা, যেনে উদ্ভিদ। নগ-পৰ্বত। সবকহু- সকলোকে। পূৰত- ভৰোৱা। নিন্দা-পৰৰ দোষ কোৱা। বাদ-তৰ্ক, অসজ আলোচনা। পৈশুন্য-খলস্বভাব।


পাঠান্তৰ :- * কৰত। কৰু।