পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰগীত


কনয়া--লোণ। দোলে--ওলমি লৰচৰ কৰে। অৰবিন্দ -পদ্ম। নবপল্লব-- গছৰ নতুন কুঁহিপাত।

ৰাগ-আসোৱাৰি।

ধ্ৰুং—সুন সুনৰে, সুৰ বৈৰি প্ৰমানা, নিশাচৰ নাস নিদানা।
 ৰাম নাম যম, সমৰক সাজিয়ে *
 সমদলে কয়লি পয়ানা।

পদ—ঠাট † প্ৰকট পটু, কোটি কোটি কপী, গিৰি গড়গড় পদ ঘাৱে।
 বাৰিধি তীৰ ‡ তৰি, কৰে গুৰুতৰ গিৰি, ধৰি ধৰি সমৰক ধাৱে।
 হাট ঘাট বহু, বাট বিয়াপি, চৌগড় বেঢ়লি লঙ্কা।
 গুৰু ঘন ঘন ঘোষ, ঘৰিসণ গৰ্জ্জন, শ্ৰৱনে জনময় সঙ্কা।
 ধীৰ বিৰ সুৰ §, সেখৰ ৰাঘৱ, ৰাৱন তুৱা পৰি ঝাম্পে।
 সুৰ নৰ কিন্নৰ, ফনধৰ¥ তৰতৰ, মহিধৰ তৰসি প্ৰকাম্পে।
 অন্ধ মুগুধ দশ, স্কন্ধ পাপ বুধ, জানেকি সিৰত চড়াই,
 ৰঘুপতি পদ বৰ, ধৰ ৰজনিচৰ, শঙ্কৰ কহতু ♯ উপায়ী॥৩৷ ধ্ৰুং॥

 প্ৰমাণা--প্ৰমাণ, প্ৰধান। নিশাচৰ--ৰাক্ষশ। নাশ-নিদানা--নাশৰ প্ৰথম কাৰণ। শুন, শুন•••••••••নিদানা--ৰাক্ষস কুল নাশকাৰী দেৱতাৰ প্ৰধান শত্ৰু শুন। ৰাম নাম যম--ৰাম নামেৰে যম। কয়লি পয়ানা—প্ৰয়াণ কৰিছে, যাব ধৰিছে। ৰাম••••••পয়ানা—ৰাম নামেৰে (যুদ্ধযাত্ৰাত কৰা “জয়, ৰাম" ধ্বনিয়ে) যম যুদ্ধ সাজি সসৈন্যে যুদ্ধ যাত্ৰা কৰিছে। ঠাট—দল। প্ৰকট--ব্যক্ত প্ৰকাশ। পদ ঘাৱে--ভৰিৰ


পাঠান্তৰ :- * সাজি। † ঠাঠ ‡ তৰি। ¥। ফনিধৰ। ♯ কহন্ত।