পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰগীত


 জলনিধি—সাগৰ। জলনিধিজা—সাগৰ কন্যা, লক্ষ্মী। জলনিধিজাধব— লক্ষ্মীপতি। ধাতা—নাৰায়ণ। শ্ৰুতমাত্ৰাাখিলত্ৰাতা—শুনা মাত্ৰেই সকলোকে ত্ৰাণ কৰ্ত্তা বা নাম কীৰ্ত্তন শুনা মাত্ৰেই ভক্তসকলক সংসাৰ তাপৰপৰা উদ্ধাৰ কৰোঁতা; বা বেদ পৰ্য্যন্ত (শ্ৰুতমাত্ৰ) সকলোকে ত্ৰাণ কৰোঁতা। মুকুতিপদ—মুক্তিপদ। মুক্তি পাঁচ বিধ,—সাষ্টি (সমান ঐশ্চৰ্য্যযুক্ত), সালোক্য, সাৰূপ্য, সাযুজ্য আৰু নিৰ্ব্বাণ বা একত্ব। সিদ্ধি—আঠবিধ—অনিমা লঘিমা প্ৰাপ্তিঃ প্ৰাকাম্যং মহিমা তথা। ইশিত্বঞ্চ ৱশিত্বঞ্চ তথা কামাৱসায়িতা॥ ইতি।

 জগজন জীৱন—জগতৰ জীৱৰ প্ৰাণ। অজন- জন্ম ৰহিত, সনাতন, নিত্য। জনাৰ্দ্দন—মায়াতীত, মায়া মৰ্দ্দনকাৰী। কন্দ—মূল, মূল কাৰণ। মহদানন্দ বন্দ—পৰমানন্দৰ উৎস বা মূল কাৰণ। বিবিধ বিহাৰ বিশাৰদ— নানাবিধ ক্ৰীড়াত নিপুণ। শাৰদ ইন্দু নিন্দি পৰকাশী—শৰৎ কালৰ চন্দ্ৰৰ জ্যোতিতকৈ যাৰ দেহৰ কান্তি বেচি উজ্বল ভাৱে প্ৰকাশ হৈছে। শেষ শয়ন— অনন্ত নাগৰ ফনাত শয়ন কৰোঁতা। শিৱ- মঙ্গলদায়ক। কেশী বিনাশন— কেশী দৈত্যক মাৰোঁতা। অবিনাশী— যাৰ ধ্বংস নাই, নিত্য। জগত বন্ধু— জগতৰ প্ৰিয়। বিধু— চন্দ্ৰ। জগত বন্ধু বিধু— যিজনে ভক্তসকলৰ অন্তৰৰ পাপ দূৰ কৰে। সৰোৰুহ—পদ্ম।

ৰাগ—নাট মল্লাৰ

ধ্ৰুং— মধুৰ* মুৰুতি মুৰাৰু। মন দেখো হৃদয়ে হামাৰু।
 ৰুপে অনঙ্গ সঙ্গ তুলনা তনু, কোটি সুৰুজ উঝিৱাৰু।

পদ—মকৰ কুণ্ডল গণ্ড, মণ্ডিত খণ্ডিত, চান্দৰোচিস্মিত হাসা।
 বনক কিৰিত, জড়িত ৰতনা নব, নিৰুজ নয়ন বীকাসা৷


  • পাঠান্তৰ:- মধুৰি-