পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৲

সকলো গাওঁ-গয়ৰহৰ সমিল-মিল ভাবৰদ্বাৰা সম্পাদন হৈ থকাৰ ব্যৱস্থা কৰি দিছিল। প্ৰভুৱে নিজেও ভক্তসকলৰ পৰামৰ্শ নোলোৱাকৈ নিজ মতে সত্ৰ সম্বন্ধীয় কোনো কাম নকৰিছিল।

 প্ৰভু বিশুদ্ধ ভাৱে চলিছিল আৰু ভক্তসকলৰ ভিতৰতো মাদক দ্ৰব্য ব্যৱহাৰ কৰা একেবাৰে নিষিদ্ধ কৰিছিল। সাত্বিক আহাৰ প্ৰভুৰ মতে প্ৰশস্ত আছিল কিন্তু সামিষ ভোজনক নিন্দা নকৰিছিল। আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম ধৰ্মকেই প্ৰভুৱে প্ৰশস্ত বুলি প্ৰচাৰ কৰিছিল;[১] কিন্তু উদাসীন ধৰ্মকো তেৰাই সামৰি লৈছিল। সেই কাৰণে গৃহী আৰু উদাসীন দুই শ্ৰেণী ভক্তসকলেই তেৰাৰ সত্ৰ-সভাৰ শোভাবৰ্দ্ধন কৰিছিল।

 প্ৰভু স্বয়ং আছিল আদৰ্শ গৃহী। তেৰাৰ থকা ঘৰ ৰাজ-তোলব দৰে আছিল— দাস-দাসীও আছিল তেৰাৰ বহুতো। দাস-দাসীসকলে নানা বিধ শস্যৰ খেতি কৰিছিল। প্ৰভুৰ ঘৰ সদায় আলহী-ভকত, দুখী-দৰিদ্ৰই ভৰি আছিল। তেৰাৰ দান দিয়া ব্যৱস্থাও আছিল যথেষ্ট; কোনো সহায়-প্ৰাৰ্থীলোক তেৰাৰ ঘৰৰপৰা বিমুখ নহৈছিল। চক্ৰপাণি নামৰ কায়স্থ পণ্ডিত এজনাক ঘৰত ৰাখি পুত্ৰ-কন্যাৰ শিক্ষাৰ ব্যৱস্থা ওনুশৃঙ্খলাভাৱে দিয়াইছিল। দুপৰীয়া ভোজনৰ পাছত শিৰোমণি ভূঞা দোপদৰত বহাৰ দৰে প্ৰভু বৰ চ’ৰাত বহি দূৰ দূৰান্তৰ পৰা অহা লোকসকলক সাক্ষাৎ দিছিল। এই সময়ত কেতিয়াবা কেতিয়াবা তেওঁ নিজৰ খেতি-বাতিৰো সংবাদ লৈছিল।


  1. তৰিবা সংসাৰ আৰ শ্ৰৱণ-কীৰ্ত্তন॥
    গৃহতে থাকিয়া সুখে মহা পুণ্য সাঞ্চা।
    বোলা হৰি হৰি মন যাতনাক বাঞ্চা॥ ১৯২৮ কীৰ্ত্তন।