পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
শ্ৰীমদ্ভগৱদ্‌গীতা

কৃষ্ণে বুজিলন্ত অৰ্জ্জুনৰ অভিপ্ৰায়।
পুনৰ্ব্বাৰ স্বধৰ্ম্ম কহন্ত যদুৰায়॥
আপোনাৰ ধৰ্ম্ম সাঙ্গ নোৱাৰে কৰিত।
যদি অল্প কৰে ভদ্ৰতৰ তথাপিত॥ ২২৪
অল্প ধৰ্ম্ম কৰি মৰে তভো ভাল তাৰ।
পৰধৰ্ম্মে ভয় হোৱে নৰক নিকাৰ॥
অৰ্জ্জুনে বোলন্ত শুনিয়োক যদুৰায়।
পাপ কৰিবাক পুৰুষৰ ইচ্ছা নাই॥২২৫
ৰাগ দ্বেষ দুইকো জিনি নিয়মিব মন।
তথাপি পাতেক প্ৰৱৰ্ত্তাৱে কোনজন॥
কৃষ্ণে বোলে ই কথা শুনিয়ো ধনঞ্জয়।
তুমি যি বুলিলা কথা স্বৰূপ হোৱয়॥২২৬
তাৰ যেন ভেদ নিষ্ঠে কহিবো তোমাত।
ৰজোগুণ হন্তে কাম ক্ৰোধ হোৱৈ জাত॥
ক্ৰোধৰ উৎপত্তি স্থান জানিবাহা কাম।
যদি বোলা কিছু দয়া কৰো উপশাম॥২২৭
কাম সম ভক্ষক যে ত্ৰিভুৱনে নাই।
যত দিয়া মানে তাৰ তৃষ্ণা বাঢ়ি যায়॥
যদি বোলা প্ৰিয়বাক্যে কৰে উপশাম।
প্ৰিয়ত নাহিকে তুষ্ট দুষ্ট পাপী কাম॥২২৮
বিষয়ৰ লগৰ শত্ৰু জানিবা নিশ্চয়।
যেন অগ্নি ধুম্ৰ দুয়ো সঙ্গে উপজয়॥