ভট্টদেৱৰ কথা-গীতাত মূলৰ কথাৰ লগত বেচি যোগ হোৱা নাই। গোবিন্দ মিশ্ৰৰ গীতা পদ্যত ৰচিত হোৱাত সৰ্ব্বসাধাৰণৰ মাজত বৰ বেচিকৈ চলে। কথা গীতাৰ ভাষ্য কিছু টান আৰু কিছু সংক্ষিপ্ত যেনও লাগে। বোধকৰো সেই কাৰণে প্ৰধান প্ৰধান সত্ৰৰ বাহিৰে ইয়াক বিচাৰি পাবলৈ টান৷ পদ গীতাত বৰ বেচি প্ৰচাৰ দেখি ই অনেকৰ দ্বাৰা অনেকবাৰ নকল কৰা হৈছে আৰু তাৰ ফলতেই যেই সেই দুখন পুথিৰ পাঠ ভালেখিনি অমিল দেখা যায়, কোনো কোনো পুথিত নতুন নতুন পদ সুমাই পুথিৰ কলেৱৰো বঢ়াইছে।
গীতা আমাৰ সংসঙ্গী মথৰ থাপনাৰ পুথি; আমাৰ পিতৃদেৱেও এখন গীতা নকল কৰি পাঠত ৰাখিছিল। পদ গীতাখন কণ্ঠস্থ ৰখাৰ ৰীতি এটা আমাৰ বংশ পৰম্পৰা চলিও আছিল। কিন্তু আমি ওপৰত উল্লেখ কৰা বাঁহিৰাম ভকতক লগ লোৱাৰ পাচতহে গীতালৈ আমাৰ মনত পৰে। তাৰ পাচত আমি আমাৰ নাম-ঘৰত চাওঁ যে আমাৰ পূৰ্ব্বৰ সঞ্চিত গীতা নষ্ট হৈ গৈছে। তেতিয়াৰ পৰা আমি তাল সাঁচীপতীয়া পদ গীতা বিচাৰোঁ; কিন্তু দুখৰ বিষয়, কেইবা বছৰেও ভাল আখৰৰ সম্পূৰ্ণ গীতা আমাৰ হাতত নপৰিল; শেষত থাপনাত আন পুথি থোৱা হল আৰু পাঠৰ বাবে ছপা কৰা গীতা ৰখা হল।
গোবিন্দ মিশ্ৰৰ গীতা কেইবাজনেও ছপা কৰে; কিন্তু এই গীতাবোৰৰো মিল নাই। আমি পণ্ডিত শ্ৰীযুত লক্ষ্মীনাথ শৰ্মা আৰু পণ্ডিত শ্ৰীযুত খৰ্গেশ্বৰ শৰ্মা (যোৰহাটৰ বৰকটকী কোম্পানীৰ প্ৰকাশিত) দুজনে সম্পাদন কৰা পদগীতা দুখন পঢ়িছিলো। আন আন পূথিৰ দৰে এই দুখনৰো মাজে মাজে অমিল আছে। পোনতে তাল পুৰণি পুথি নাপাই উক্ত পণ্ডিত দুগৰাকীয়ে সম্পাদন কৰা পুথি দুখনকে লৈ পাঠ মিলাই প্ৰকাশ কৰিছিলো; এইবাৰ বৰপেটাৰ পৰা এখন ভাল