পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অধ্যায়


সাংখ্য যোগ


দুলড়ী

দৈৱকী তনয়  দেৱ দয়াময়
  কৃষ্ণ দেৱতাৰ দেৱ।
পঙ্কজ চৰণে  প্ৰবেশিয়া মনে
  পুনু কৰো মই সেৱ॥
সঞ্জয় বদতি  শুনা কুৰুপতি
  পাচে যেন কথা ভৈলা।
শোক সমুদ্ৰত  মোহ উৰ্মি উঠি
  ধনঞ্জয় তল গৈলা॥ ৪৫
শোকাকুল দুখে  হুয়া অধোমুখে
  দুয়ো নেত্ৰে পৰে পানী।
কৃষ্ণ কৃপাময়  সম্বোধি বোলয়
  অৰ্জ্জুনক হেন বাণী॥
শুনা সব্যবাচী  ৰণমধ্যে আসি
  শোকে ভৈলা মহাভয়।
মহাযশী হৈয়া  অকীৰ্ত্তি কৰাহা
  ক্ষুদ্ৰ হৃদয়ৰ নৰ॥ ৪৬