পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
শ্ৰীমদ্ভগৱদ্‌গীতা

এহিমতে আয়ুক্ষয় অন্ধকূপে পৰি।
অন্তকে যে সবাৰে কেশত আছে ধৰি॥ ৪২
দন্ত সৰৈ কেশ পকৈ চক্ষু নেদেখয়।
এনুৱা দুথত থাকি জীবাক বাঞ্ছয়॥
স্নেহসূত্ৰে বিষ্ঠা-মূত্ৰে পৰি থাকে ঘৰে।
ভাৰ্য্যা পুত্ৰে নোপোষয় অৱহেলা কৰে॥ ৪৩
সংসাৰৰ এহি দুখ জানিয়োক নৰ।
ভজা হৰিপাৱে শীঘ্ৰে বিলম্ব নকৰ॥
এহি পদছত্ৰে তাপ খণ্ডে সংসাৰৰ।
ৰাম কৃষ্ণ বুলি ভৱ-সংসাৰক তৰ॥ ৪৪

(প্ৰথম অধ্যায় সমাপ্ত)