একগোট শ্লোক যদি শুনয় গীতাৰ।
তথাপি যমৰ তাত নাহি অধিকাৰ॥১৩৮৫
কৃষ্ণে বোলে গুহ্য মই দিলো উপদেশ।
বিশ্বাস নগৈলা কিবা গৈলা গুড়াকেশ॥
বন্ধুবধ নিমিত্তে অজ্ঞান দুখ শোক।
যদি নুহি গুচে তেবে পুনু কহিয়োক॥ ৩১৮৬
পাৰ্থে বোলে তুমি গুৰু দেৱ ভগৱান।
তুৱা পদ প্ৰসাদে লভিলা দিব্যজ্ঞান॥
যিবা অহঙ্কাৰ মোৰ প্ৰকৃতিৰ ইচ্ছা।
আবেসে জানিলো সাঙ্গোপাঙ্গে সব মিছা॥১৩৮৭
গুচিল সংশয় মোৰ ভ্ৰম পৰিহৰি।
যুদ্ধক উঠিলো তযু অজ্ঞা শিৰে ধৰি॥
সঞ্জয় বদতি শুনা অম্বিকাৰ সুত।
কৃষ্ণাৰ্জ্জুন সম্বাদ শুনন্তে অদভুত॥১৩৮৮
শুনিলে আনন্দে চিত্ত হয় ৰোমাঞ্চিত।
সংসাৰৰ তাপ গুচি হোৱে কৃতকৃত্য॥
তন্ত্ৰ মন্ত্ৰ বেদ শাস্ত্ৰ জ্ঞান অষ্টাঙ্গৰ।
সবাৰো ৰহস্য সাৰ দুৰ্ল্লভ দেৱৰ॥১৩৮৯
যদি তুমি হেনয় সংশয় কৰা মনে।
দেৱৰ দুৰ্ল্লভ যদি তুমি পাইলা কেনে॥
চতুৰ্ব্বৰ্গ সাধে কৃষ্ণাৰ্জ্জুন সংবাদে।
কৃষ্ণ কৃপা পাইলো ব্যাস চৰণ প্ৰসাদে॥১৩৯০
পৃষ্ঠা:শ্ৰীমদ্ভগৱত্গীতা বা কৃষ্ণগীতা.djvu/৩২০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১০
শ্ৰীমদ্ভগৱদ্গীতা