পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৯
শ্ৰীমদ্ভগৱদ্‌গীতা

এমতে চিনে শূন্যে ৰাখিবেক মন।।
তেৱে জন্ম মৃত্যু এৰাইবেক সেহিজন॥
সমস্ত প্ৰাণীত মোক দেখে নিৰন্তৰ।
তেৱে অন্তৰঙ্গ ভক্তি হৈব পুৰুষৰ॥ ১৩৩০
এমত স্বধৰ্ম জ্ঞানে ভক্তি আৱৰয়।
সেহিসে মোহোৰ নিজ স্বৰূপ পাৱয়॥
ব্যাপক ঈশ্বৰ মই চিদানন্দ ৰূপ।
এহিখানি জানি পায় মোহোৰ স্বৰূপ॥১৩৩১
মোহোত আশ্ৰয়ে কৰ্ম্ম কৰিব সমস্ত।
আতে মোৰ পদ পাৱে উত্তম শাশ্বত॥
হেন জানি মোত তুমি অৰ্পি কৰ্ম্ম কৰা।
মোক চিন্তি সৰ্ব্বদায়ে আপুনি উদ্ধাৰা ॥১৩৩২
মইসে পৰম শুদ্ধ আশ্ৰয় তোমাৰ।
মোৰ প্ৰসাদত থাকি তৰিবা সংসাৰ॥
কৃষ্ণে বোলে স্বৰূপত পাণ্ডৱ নন্দন।
অহঙ্কাৰে নুশুনিবা মোহোৰ বচন॥১৩৩৩
যেন অন্ধ নৰে পৰস্পৰে কৰ্ম্ম কৰে।
কৰ্ম্মফল দুয়ো মিছা তভো তাতে মৰে॥
যদি শাস্ত্ৰ উপদেশ স্বধৰ্ম্মক কহে।
বোলে নকৰিলে কেনে পিতৃ পিতামহে॥১৩৩৪
ধৰ্মজ্ঞ পণ্ডিত বুলি আপোনাক মানে।
বোলে বন্ধু বধি পাপ কৰো কি কাৰণে॥