পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
শ্ৰীমদ্ভগৱদ্‌গীতা

সঙ্গ পৰিহৰি অহঙ্কাৰ এৰি
 ফল কৰিয়োক ত্যাগ॥১৩২৬
কৰ্ম্মবন্ধ নাশে   সত্ত্ব শুদ্ধি হোৱে
 নিষ্কাম সিদ্ধিক পাৱে।
সংসাৰ এৰাই  মোৰ পদ পাই
 পাচে বহে ব্ৰহ্ম ভাৱে॥
স্বধৰ্ম্মৰ মত  কহিলো সমস্ত
 জানিয়োক ধনুৰ্দ্ধৰ।
মিশ্ৰে কহে নৰ  কৃষ্ণ সেৱা কৰ
 হৰি বোলা নিৰন্তৰ॥১৩২৭

____

পদ

কৃষ্ণে যে বোলন্ত এহি জানা তত্ত্ব সাৰ।
আমাক পাইবাৰ সাধন কহো তাৰ॥
সাত্ত্বিক বুদ্ধিয়ে মন ৰাখিব নিশ্চলে।
ৰাগ দ্বেষ বিষয়ক এৰিব সকলে॥১৩২৮
অল্পাহাৰে নিয়মিব কায় বাক্য মন।
পবিত্ৰ নিৰ্জ্জন স্থানে ৰাখিব আসন॥
অহঙ্কাৰ কাম ক্ৰোধ লোভ মোহ যত।
মনৰ যতেক বৃত্তি এৰিব সমস্ত॥১৩২৯