পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
শ্ৰীমদ্ভগৱদ্‌গীতা

মাটি জলে বাহ্য  শুদ্ধি কৰিলেক
 ভাৱে শুদ্ধ অভ্যন্তৰ।
পৰে ভৰ্ৎসিবাতো  সহি ৰহিবেক
 বক্ৰ এৰি নিৰন্তৰ॥১৩১৮
কাম ক্ৰোধ এৰি  স্বৰূপ বুলিয়া
 প্ৰাণৰ চিন্তিব হিত।
কিমতে সংসাৰ   এৰাইবাক পাৰি
 উপায় চিন্তিব নিত॥
ইটো বাহ্ৰ্য গুণ  যুগুত ব্ৰাহ্মণ
 অৱশ্যে থাকিবে লাগে।
সত্ত্বণাধিক ৰজো অল্পমান
 জানিবাহা মহাভাগে॥১৩১৯
ক্ষত্ৰিয়ৰ ধৰ্ম্ম শূৰ পৰাক্ৰম
 প্ৰগল্‌ভ দান শকতি।
ধৈৰ্য্য হৈব বুদ্ধি  নপলাইব যুজি
 স্বধৰ্ম্ম সাধিব আতি॥
লোক নিয়ামক   সমৰ্থ হৈবেক
 ক্ষত্ৰিয়ৰ গুণচয়।
ৰজ সত্ত্ব মিশ্ৰে  কিন্তু ৰজোধিক
 জানিবাহা ধনঞ্জয়॥১৩২০
বৈশ্যৰ স্বধৰ্ম্ম  কৃষি বাণিজ্যক
 আৰো গৰু ৰাখিবেক।

২০