পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
শ্ৰীমদ্ভগৱদ্‌গীতা

সবাকো বান্ধিয়া  তিনি গুণে পাচে
 মুক্তি নাহি একোজন॥১৩১৫
পাচে দামোদৰ   দিলন্ত উত্তৰ
 শুনিয়ো পাণ্ডুকুমাৰ।
তোমাৰ ৰহস্য  কহিবো অৱশ্য
 সমস্ত গীতাৰ সাৰ॥
ব্ৰাহ্মণ ক্ষত্ৰিয়   বৈশ্য শূদ্ৰ চাৰি
 যাৰ যেন মত চিহ্ন।
যাৰ যেনমত  লক্ষণ আচাৰ
 কহো শুনা কৰি ভিন্ন॥১৩১৬
বাৰগোটা গুণ   জানিবা বিপ্ৰৰ
 স্বভাৱ লগতে জাত।
এহি ব্ৰাহ্মণৰ  চতুৰ্ব্বৰ্গ সাধে
 নভৈলে নষ্ট সাক্ষাত॥
শম দম তপ  শৌচ ক্ষমা ঋজু
 আস্তিক্য জ্ঞান বিজ্ঞান।
এহি নৱ গুণ   জানিবা বিপ্ৰৰ
 শুনা আৰ অৰ্থ যেন॥ ১৩১৭
ইন্দ্ৰিয়ক দমি  মনক নিয়মি
 তপ কৃচ্ছ চান্দ্ৰায়ণ।
অনুভৱ কাৰ্য্য   বিজ্ঞানে বোলয়
 শাস্ত্ৰজ্ঞকে বোলে জ্ঞান॥