সেহি সত্ত্বগুণী ঈশ্বৰক নেৰে মনে।
যি কৰ্ম্মত বন্ধ মোক্ষ দুইৰো ভেদ জানে॥
ধৰ্ম্মতে প্ৰৱৰ্ত্তে নিবৰ্ত্তয় অধৰ্ম্মত।
কাৰ্য্যাকাৰ্য্য কাৰণ সবাৰ জানে তত্ত্ব॥১৩০১
তমোগুণীয়াৰ বুদ্ধি আৱৰে অজ্ঞানে।
ধৰ্ম্মত অধৰ্ম্ম অধৰ্ম্মত ধৰ্ম্ম মানে॥
তমোগুণে কৰ্ম্ম কৰে নিৰ্ণয় নাজানে।
ধৃতিৰ ত্ৰিবিধ কহো শুনা সাৱধানে॥১৩০২
মন প্ৰাণ ইন্দ্ৰিয়ৰ ক্ৰিয়াৰ ব্যাপাৰ।
বিষয়ত মন নহৈবেক ব্যভিচাৰ॥
ব্ৰহ্মৰ চিন্তনে মন ৰহিলে নিশ্চলে।
বিষয়ক ইন্দ্ৰি যোগে যদি মন চলে ॥১৩০৩
ধৈৰ্য্য শক্তি মনক নিশ্চলে থোৱে ৰাখি।
ইগোটা সাত্ত্বিক ধৃতি জানিবাহা সখি॥
ৰাজস ধৃতিৰ পাথ শুনিয়ো নিৰ্ণয়।
ধৰ্ম্ম অৰ্থ কামত সৰ্ব্বথা নিয়োজয়॥১৩০৪
সকামে তৃষ্ণায়ে কৰ্ম্ম কৰয় সকল।
যদি পুণ্য ধৰ্ম্ম কৰে তভো নেৰে ফল॥
ক্ৰোধ মদ মান যে বিষাদ গৰ্ব্ব ভয়।
ধৃতি মনে এসবাকো স্বপ্নত নেৰয়॥১৩০৫
সুখৰ শুনিয়ো সখি ত্ৰিবিধ প্ৰকাৰ।
গুণ অনুক্ৰমে সুখ হোৱে যিজনাৰ॥
পৃষ্ঠা:শ্ৰীমদ্ভগৱত্গীতা বা কৃষ্ণগীতা.djvu/৩০১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯১
শ্ৰীমদ্ভগৱদ্গীতা