পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬০
শ্ৰীমদ্ভগৱদ্‌গীতা

কাম ভোগ ঐশ্বৰ্য্যক সাধে নিত্যে নিত্য।
এহিসে সমাধি তাৰ তাতে মাত্ৰ চিত্ত॥১১৫১
কাম ক্ৰোধ বিষয়ত থৱে বন্দী কৰি।
বিষয় ভৈলেক পাশ ভাৰ্য্যায়ে জিঞ্জিৰি॥
ন্যায় অন্যায়ক কৰি ধনক সঞ্চয়।
কিছু ধন ভৈলে পাচে ভোগ নকৰয়॥১১৫২
বোলে আৰো ধন জন আৰ্জিলো পূৰ্ব্বত।
সি ধনে মোহোৰ নুপূৰয় মনোৰথ॥
আনো পাইলে তভো মোক বোলে নুকুলায়।
তেবেসে আকাঙ্ক্ষা পূৰে আৰো যদি হয়॥১১৫৩
আৰ্জ্জন্তে নিকাৰ ধন ভৈলে মোহ হয়।
ধন যদি থাকে তিলমাত্ৰো সুখ নাই॥
ধনৰ গৰ্বত অহঙ্কাৰ বাঢ়ি যায়।
সেহি ধন নষ্টে যে তাপৰ অন্ত নাই॥১১৫৪
ঈশ্বৰৰ কৰ্ম্মে ব্যয় অৰ্থৰ সম্ফল।
নুহি ধন তাৰ বানৰৰ নাৰিকল॥
স্বৰূপত আজ্জিলে ধন তভো অনাটক।
ধনগৰ্ব্বে তৃণ হেন মানে জগতক ॥১১৫৫
বোলে শত্ৰুগণ মাৰি কৰিবোহো বশ্য।
আৰো যিটো আছে তাক মাৰিবো অৱশ্য॥
মইসে কুলীন আদ্য মান্য ভাগ্যবান।
চতুৰ পণ্ডিত নাহি মোহোৰ সমান॥১১৫৬