চৰ্ব্ব্য চোষ্য লেহ্য পেয় চাৰিবিধ অন্ন।
খাইতে আতি স্বাদ মিলে সন্তোষিত মন॥১০৯৫
চাৰিবিধ অনুৰ যে কহিবো নিৰ্ণয়।
যাৰ যেন প্ৰকাৰ শুনিয়ো ধনঞ্জয়॥
দন্তে খণ্ড খণ্ড কৰি চূৰ্ণৰূপে গিলে।
পিষ্টককে সৰ্ব্বলোকে ভক্ষ্য কৰি বোলে॥১০৯৬
দন্ত নলগাই জিহ্বা আলোড়ি গিলয়।
পায়সৰ নাম ভোজ্য জানা ধনঞ্জয়॥
কেৱল জিহ্বাত দিয়া লেহি মাত্ৰ খায়।
গুড়ক বোলয় লেহ্য জানা সৰ্ব্বথায়॥১০৯৭
দন্তে আটি ৰস লৱে চোৱা কৰে ত্যাগ।
ইক্ষুক বোলয় চোষ্য জানা মহাভাগ॥
সমস্ত লোকৰ হৃদি মই অন্তৰ্য্যামী।
ভোক্তা ভৰ্ত্তা নিয়ামক মহেশ্বৰ আমি॥১০৯৮
মোহোৰ শক্তি মাত্ৰ সবে প্ৰৱৰ্ত্তয়॥
বেদৰ তাৎপৰ্য্য মোত বিনে নজানয়।
মই হেতু বিষয় ইন্দ্ৰিয় ভোগ হয়।
বেদান্ত জ্ঞানীৰ গুৰু মোত প্ৰৱৰ্ত্তয়॥১০৯৯
সকল জগত মই এহি দিলো সীমা।
এবে শুনিয়োক মোৰ স্থানৰ মহিমা॥
দুগোটা স্বৰূপ কহো যাৰ যেনমত।
ক্ষৰ যে অক্ষৰ বুলি প্ৰসিদ্ধ লোকত॥ ১১০০
পৃষ্ঠা:শ্ৰীমদ্ভগৱত্গীতা বা কৃষ্ণগীতা.djvu/২৫৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৯
শ্ৰীমদ্ভগৱদ্গীতা