পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৭
শ্ৰীমদ্ভগৱদ্‌গীতা

তব অংশ জীৱ যত আত্মা সবাহাৰ।
তেৱে কেন সিটো জীৱে নতৰে সংসাৰ॥১০৮৪
কৃষ্ণে বোলে জীৱ অংশ জগতে প্ৰসিদ্ধ।
অবিদ্যা মোহিত অহঙ্কাৰে হোৱে বদ্ধ॥
মোত যিটো লয় হোৱে তাৰ কথা ভিন্ন।
সকামী সংসাৰী প্ৰকৃতিত হোৱে লীন ॥১০৮৫
অবিদ্যা মোহিত হয় যত চৰাচৰ।
সবে গুচে থাকে তাৰ বাসনা কৰ্ম্মৰ॥
অব্যক্ত তথাপি জীৱ পুনু ব্যক্ত হয়।
পুনু বাসনায়ে আনে সৃষ্টিৰ সময় ॥১০৮৬
কৰ্ম্ম বাসনাতে দেহ এৰি জন্ম ধৰে।
ইন্দ্ৰি সবে টানি নেই পূৰ্ব্বৰ সংস্কাৰে॥
যেন পুষ্প গন্ধ লগে থাকে সৰ্ব্বদায়।
পুষ্পৰ যতেক গন্ধ বায়ু লৈয়া যায়॥১০৮৭
সেহি পটন্তৰ জানিবাহা ধনঞ্জয়।
পূৰ্ব্বৰ বাসনা ক্ৰমে শৰীৰ ধৰয়॥
যতেক ইন্দ্ৰিয়গণ সঙ্গে কৰি যোগ।
বিষয়ে জীৱক আনি কৰাৱয় ভোগ॥১০৮৮
কৃষ্ণে বোলে যদি হেন বোলা ধনঞ্জয়।
সৰ্ব্বলোকে আত্মাক যে কেনে নেদেখয়॥
যেন অন্ধকাৰত সুৱৰ্ণ পৰি থাকে।
চক্ষু বিদ্যমানে তভো নেদেখয় লোকে॥১০৮৯

১৭