পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চদশ অধ্যায়

পুৰুষোত্তম যোগ

দুলড়ী

নমো যদুপতি  চৰণত ৰতি
 পুনু বন্দো আৰোবাৰ।
পঙ্কজ চৰণে  পশিলো শৰণে
 নকৰিবা পৰিহাৰ॥
কৃষ্ণে বোলে পাৰ্থ  পূৰ্ব্ব অধ্যায়ত
 কহিলোহো ইটো ভাৱে।
দৃঢ় ভক্তি ভৈলে  জ্ঞান উপজিলে
 তেবেসে ব্ৰহ্মাক পাৱে॥ ১০৬৮
বৈৰাগ্য বিনায়  ভক্তি জ্ঞান পাই
 নুপজয় কদাচিত।
জ্ঞান সাধিবাৰ  কহিবো প্ৰকাশ
 তুমি যাতো মোৰ হিত॥
জ্ঞান ভক্তি কৰ্ম্ম  যোগাযোগ ধৰ্ম্ম
 বৈৰাগ্য মূল সবাৰ।
মাতৃ পিতৃ বিনে  যেন পুত্ৰ মোহে
 বৈৰাগ্য সেহি প্ৰকাৰ॥ ১০৬৯