পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
শ্ৰীমদ্ভগৱদ্‌গীতা

কহয় গোবিন্দ মিশ্ৰে গীতা সমুদ্ৰত।
সাঙ্গে তল গৈলো ত্ৰয়োদশ অধ্যায়॥১০১০
কিন্তু গুৰু চৰণৰ নৌকা মনে ধৰি।
চৰণত কৃপা আশে চাপিলো কাষৰি॥
কৃষ্ণে আপোনাৰ মুখে কহিলন্ত গীতা।
হেন জানি বিষয় এৰিয়ো আন চিন্তা॥১•১১
মনৰ সংশয় মানে সবে পৰিহৰি।
বিলম্ব নকৰি ডাকি বোলা হৰি হৰি॥

(ত্ৰয়োদশ অধ্যায় সমাপ্ত)