পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
শ্ৰীমদ্ভগৱদ্‌গীতা

ব্ৰহ্মপদে স্বৰূপ ব্ৰহ্মক লক্ষি কহে।
অসন্ত বস্তুত সন্ত কভু জাত নোহে॥
সন্তৰূপে প্ৰকাশিত আছয় জগত।
জগত কাৰণ ব্ৰহ্ম আছয় পূৰ্ব্বত॥৯৬১
এহিমতে বিস্তৰ যে কহিলা পূৰ্ব্বত।
মই পুনু অল্প কৰি কহিলো সাম্প্ৰত॥
পৃথ্বী অপ্‌ তেজ বায়ু আকাশ অপৰ।
ৰূপ গন্ধ স্পৰ্শ শব্দ তন্মাত্ৰৰ॥৯৬২
জ্ঞানেন্দ্ৰিয় কৰ্ম্মেন্দ্ৰিয় মহদহঙ্কাৰ।
মন বুদ্ধি চেতনা প্ৰকৃতি নাম তাৰ॥
চৌবিশ তত্বক জানা কহে ভূতগ্ৰাম।
সৰে একঠাই ভৈলে তাৰ দেহ নাম ॥৯৬৩
সুখ দুখ ঈৰ্ষা দ্বেষ ভয় যে অভয়।
সকলে মনৰ ধৰ্ম্ম আত্মাৰ নহয়॥
মনৰ ধৰ্ম্মক জীৱে মানে আপোনাত।
আপোনাকো নজানয় থাকি অবিদ্যাত॥৯৬৪
মই সুখী দুখী বুলি কৰে অহঙ্কাৰ।
এহিমতে জীৱবৰ্গ নেৰাৱে সংসাৰ॥
সংসাৰী হোৱয় মুক্ত শুনা কহো কথা।
যিমতে এৰাৱে বন্ধ কৰিলো ব্যৱস্থা॥৯৬৫
ঈশ্বৰক নভজিলে নতৰে সংসাৰ।
ভজিব যিমতে যে সাধন কহো তাৰ॥