পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়োদশ অধ্যায়


ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞবিভাগ যোগ

পদ


পুনৰপি কৃষ্ণৰ চৰণে নমস্কাৰ।
পঙ্কজ চৰণ প্ৰকাশিত আছে যাৰ॥
কল্পতৰু বৃক্ষ যেন আত্ম-পৰ নাই।
বাঞ্ছিল মাত্ৰকে যাকে খোজে তাকে পাই ॥৯৩৫
কৃষ্ণৰ ভক্তিৰ জানিবাহা সেহি মত।
অধমো তৰয় ভজি ঘোৰ সংসাৰত॥
পুণ্যৱন্ত পাপী ভজয় দুইৰো একে সীমা।
কৃষ্ণৰ ভকতি তত্ত্ব অপূৰ্ব্ব মহিমা॥৯৩৬
জনক আছিলা পূৰ্ব্বে মিথিলা নগৰে।
ভক্তিৰ বশত কৃষ্ণ গৈলা তাৰ ঘৰে॥
বসিবাক লাগি দিলা দিব্য সিংহাসন।
নানাবিধ উপহাৰে অৰ্চ্চিলা চৰণ॥৯৩৭
ৰাজ্য ধন ভাণ্ডাৰ যে পুত্ৰ ভাৰ্য্যা যত।
আপোনাকো অৰ্পিলন্ত কৃষ্ণ চৰণত॥
ভক্তিৰ প্ৰেমত থাকি আনন্দিত ভৈলা।
নগৰ সহিতে বলি বৈকুণ্ঠক গৈলা॥৯৩৮

১৫