পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৩
শ্ৰীমদ্ভগৱদ‌্গীতা

শুভাশুভ পাপ পুণ্য দুইকো ত্যাগ কৰে।
ঈশ্বৰ চৰণ মাত্ৰ কেৱলে সুমৰে॥ ৯২৮
পুত্ৰতো যিমত বুদ্ধি শত্ৰুতো সিথান।
সেহিমতে সম হৈব মান অপমান॥
সুখ দুখ শীত উষ্ণ দুইতো সম মতি।
পুত্ৰ দাৰা গৃহত নাহিকে আসকতি ॥৯২৯
হৰিষ বিষাদ নাহি স্তুতি নিন্দা শুনি।
সেহিসে পৰম ভক্ত তাকে বুলি মুনি॥
এৰিলেক যত সব বিষয়ৰ সঙ্গ।
আৰু সাধুসবে বোলে ভক্তি অন্তৰঙ্গ॥৯৩০
যাক বোলে অনুভৱ শুনিয়ো নিশ্চয়।
জন্ম কৰ্ম্ম নাম গুণ মুখতে আনয়॥
কতো নাম লৱে মনে বিষয়ক যাই।
বাগিন্দ্ৰিয়ে বোলে তাক অনুভৱ নাই॥৯৩১
যিটো গুলা গৃহে থাকি মাত কৰে মন।
সিয়ো মোক পাৱে কৰি নামক স্মৰণ॥
একচিত্তে অনুভৱে মোৰ নাম লয় ।
নামক লাগিয়া যে সাধন লাগয়॥৯৩২
যিটো স্মৰে মনত যে তথাপিতো তৰে।
যেন অজ্ঞানত নৰে বিষ খাই মৰে॥
সংশয় কৰাহা জানো এহি কথা শুনি।
পুৰাণত প্ৰমাণ লৈয়োক মনে গুণি ॥১৩৩