পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
শ্ৰীমদ্ভগবদগীতা

কতো দেৱে আতি ভয়ে কৰি কৃতাঞ্জলি।
দণ্ডৱতে পৰি নমে ৰাখা ৰাখা বুলি॥ ৮৩৫
বিশ্বদেৱ সিদ্ধগণ নাহি পৰিমিত।
সিদ্ধ মুনি ৰুদ্ৰগণ দ্বাদশ আদিত্য॥
যক্ষ ৰক্ষ গন্ধৰ্ব্ব অসুৰ আছে।
অশ্বিনীকুমাৰ বায়ু উনপঞ্চাশত॥ ৮৩৬
উৰগ খেচৰ বিদ্যাধৰ বসু যত।
ঘোৰ ৰূপ দেখি ভয়ে শ্ৰুতি ভৈলো হত॥
ইটো অসদৃশ ৰূপ চাহন নাযায়।
যেহেন চন্দ্ৰক কোটি ৰাহু আসে ধাই॥ ৮৩৭
নয়ন শ্ৰৱণ উৰু বয়ন বিস্তৰ।
মহাপ্ৰলয়ৰ যে অন্তক সমসৰ॥
সমস্তে ব্যাপিল শিৰ বাহু নেত্ৰ কাণ।
ধৰিতে নাপাৰো ধৈৰ্য্য ভৈল গতপ্ৰাণ॥ ৮৩৮
বিকৃত কৰাল দন্ত আতি ভয়ঙ্কৰ।
সাগৰ সমান ভৈল ব্যাদান মুখৰ।
লহ লহ জিহ্বা আতি ভয়ঙ্কৰ ঘোৰ।
ভয়ত কম্পিত চিত্ত থিৰ নোহে মোৰ॥ ৮৩৯
সুখক নলভো নেদেখোহো দিশপাশ।
প্ৰসন্ন হুয়োক বাপ জগতনিবাস।
যেহেন অমৃত খাইতে খুজিলেক নৰে।
মৃত সাগৰে পৰি তল যাই মৰে॥ ৮৪০