এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
শ্ৰীমদ্ভগৱদ্গীতা
যত চৰাচৰ আশ্ৰয় ঈশ্বৰ
সাক্ষীৰূপে হৈয়া থিত।
ঈশ্বৰত বিনা সকলোৱে মিছা
সবে মান বিনাশিত।
ত্ৰৈলোক্য ঈশ্বৰ ভোক্তা মহেশ্বৰ
কাল মৃত্যু যাক ডৰে।
আত্মা যে সবাৰ প্ৰিয় নাহি আৰ
তথাপিতো হেলা কৰে॥৬৬৬
মোৰ স্বৰূপক নজানয় তত্ত্ব
মোহে বুদ্ধি ভৈলা হত।
নানা কৰ্ম্ম বজি ক্ষুদ্ৰ দেৱ পূজি
এতেকে পৰে অধত।
ব্ৰত নিষ্ঠা ধৰি নানা কৰ্ম্ম কৰি
দেৱক যজয় ভাৱে।
কায় ক্লেশ পৰি বিত্ত ক্ষয় কৰি
সেহি দেৱতন্য পাৱে॥৬৬৭
ঈশ্বৰ নজানে যত দ্ৰব্য মানে
শ্ৰদ্ধাত কৰে সন্ধান।
নিজ পিতৃ হৰি তাঙ্ক হেলা কৰি
মৰি পাৱে পিতৃস্থান॥
ঈশ্বৰ নৈবেদ্য আন দেৱ পূজে
নিষ্টে কহো মহাবল।