এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২
শ্ৰীমদ্ভগৱদ্গীতা
কায় বাক্য মনে গুৰুৰ চৰণে
নতি কৰো থাকি দুৰে।
চুম্বক মণিৰ সন্নিধান পায়া
লোহা যেনমতে ঘূৰে॥ ২
মই কোন চাৰ কৃষ্ণক পাইবাৰ
যাহাৰ প্ৰসাদে জ্ঞান।
চৰণত নতি নছাবোক মতি
ত্ৰাহি গুৰু ভগৱান॥
জয় জয় দেৱ চৰণে বন্দোহো
নাৰায়ণ নিৰাকাৰ।
সুৰ নৰ মুনি ধ্যানত নপাৱে
ৰূপ দেখা নাহি যাৰ॥ ৩
ছয়গোটা তৰ্কে বাদ কৰি মৰে
নপাৱয় পৰিচ্ছেদ।
সাক্ষাতে ব্ৰহ্মক কহিতে নপাৱে
সিসে মুখে কহে বেদ॥
আপোনাৰ মায়া আশ্ৰয় কৰিয়া
সংসাৰ স্ৰজয় স্বামী।
যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ
সবাহাৰে অন্তৰ্য্যামী॥ ৪
মৎস্য-কূৰ্ম্ম আদি যত অৱতাৰ
ঈশ্বৰৰ অংশ নিষ্ট।