পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীভজন বিলাস পদ্ধতি।

পূজাতে কাতৰ যত দ্বাপৰৰ লোক।
কলিযুগে হৰিনাম বিনে অন্যে শোক॥১২৷।
যদি এনে কথা আছে সমস্ত লোকৰ।
[১] গৌৰ নবুলিলে কৃষ্ণে নেদে উপকাৰ॥১৩॥
চাৰি যুগে চাৰি হৰি চাৰি ৰূপ ধৰে।
যুগ অবতাৰে চাৰি ধৰ্ম্মক আচৰে॥১৪॥
যি যুগৰ যি মানুহ সি যুগৰ হৰি।
সাৰ কৰি ধৰা এহি শাস্ত্ৰৰ বাতৰি॥১৫॥
কলিযুগে গৌৰহৰি বিচাৰতে কয়।
এহি মতে চিনিজানি ভজিবা নিশ্চয়॥১৬॥
ভাগবতী ভক্তিৰ যি এই সুবিচাৰ।
আক নাজানিয়া মাত্ৰ কৰে ব্যভিচাৰ॥১৭॥
এই কথা শিক্ষাগুৰু মীমাংসা স্থলত।
বুজাইয়া কলে ভজনৰ ৰীতি যত॥১৮॥
এনে শিক্ষাগুরু পদে পৰিনত হুই।
লৰাবুঢ়া সবাৰে আগত কহু এই॥১৯৷।


  1.  সন্মোহন তন্ত্ৰে।
    “গৌৰতেজবিনযস্তুশ্যামতেজসমৰ্চ্চয়েৎ।
    জপেষা বাধ্যায়তেকাপিসভবেৎপাতকিশীবে॥”