পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাতনি।

 পাঠক! এই পুথিখন মোৰ ওচৰৰ ৰত্নপুৰ গ্ৰাম নিবাসী ভাগতী শ্ৰীল শ্ৰীযুক্ত সৰ্ব্বানন্দ বেদান্তবাগীশ মহাশয়ক দেখুৱাই ছিলোঁ। তেওঁৰ কথা মতেই সাধুগুৰু, ব্ৰাহ্মণ, বৈষ্ণব, ভকত ও অভকত সকলোৰে লাগতীয়াল। ইয়াত যিমান সাৰুৱা কথা থাকিল, তিনি অনা পয়চাতে ইমান শাস্ত্ৰৰ সাৰ একেলগে পোৱা কঠিন। ইয়াক মই ও ভাবি চালোঁ, আপুনা লোকে ও দকৈ গমি চাওঁক; এটা মিচা কথাৰ সাধাৰণ সাক্ষী তিনিজন যদি ভালকৈ একে মুখে আদালতে দিব পাৰে, সেয়ে সচাবুলি প্ৰমাণ হয়। ইথলত ভাগবত, সন্মোহন তন্ত্ৰ, উদ্ভট্ট চন্দ্ৰিকা, গৌতমীয় তন্ত্ৰ, পদ্ম পুৰাণ, আদি পুৰাণ, গোড়ৰ পুৰাণ ও পৰাশৰ সংহিতা প্ৰকৃতি দহ বাৰ জন ভদ্ৰ ভদ্ৰ সাক্ষী দিয়াতে যদি শ্ৰীভজন বিলাস পদ্ধতিৰ কথা মিচা বলে, তেন্তে জানিব পাৰিলোঁ বিচাৰপতি হিংসাৰ বাহিৰহৈ আইনৰ ভিতৰলৈ নগল। এতেকে অহিংসা পৰমধৰ্ম্ম ইকথা যেন সকলোৰে মনত থাকে এই প্ৰাৰ্থনা। ইতি

প্ৰকাশক।