পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
শ্ৰীভজন বিলাস পদ্ধতি

যাই যুতি চম্পা,  মালতি সেউতি,
 স্থলজ কুসুম কুল ॥১০২॥
অৰহি কুম্মাণ্ড, কলাই সৰিহ,
 অৰােগুল্মযত দেখা।
সকলে স্থাবৰ, ইকৰা খাগৰা,
 কিমান কৰিবা লেখা ॥১০৩॥
ইসকল সৈতে,  কুৰি লক্ষ নর্ক,
 স্থাবৰ যোনিত যাই।
আগেও ভােগিছা,  ভোগিব লাগিব,
 যদি হৰি মনে নাই ॥১০৪॥
প্রেমপিৰীতিক,  লগত লইয়া,
 হৰি নাম কৰা সাৰ।
হৰিক ভজিলে  যাব নেলাগিব
 স্থাবৰ যােনিক আৰ ॥১০৫॥
হৰি নামচিনি  হৰি আগে ভজ
 যিহৰিহৰিব মন।
ছয়টী আখৰে,  হয় ছয় ৰস,
 ছয় ঋতু বর্ত্তমান॥১০৬॥
তিনি নামে হয়,  ভাব প্রেম ৰস,
 বিচাৰ মন সদায়।