পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
শ্ৰীভজন বিলাস পদ্ধতি।


বলে সখি গুৰুকলে কথা মিছানুই।
কিন্তু তুমি দেখি আছা কৃষ্ণক সদাই॥৮৬॥
তথাপিতো লেখে পাপ কবলৈ নোৱাৰু।
এহি বুলি শঙ্কামনে পঠিয়ালে গুৰু॥৮৭৷।
শ্ৰীকৃষ্ণ কহিলে সখি গুৰু তুষ্ট যাৰ।
সাগৰে গোখুজ যেন হেলেহয়ে পাৰ॥৮৮॥
গুৰুভিন্ন কৰি ইষ্ট সাধন কৰিব।
এনেবিধি কোন শাস্ত্ৰ সদাচাৰে দিব॥৮৯॥
এতেকতে যোৱা তুমি গুৰু যথাতথা।
অষ্টাঙ্গে পৰিবা যাই কবা এই কথা॥৯০॥
গৈলেক অৰ্জ্জুন পৰে গুৰুৰ পাশক।
আদি অন্ত কথামানে সব কহিলেক॥৯১॥
আহা যোৱা অৰ্জ্জুনৰ দুঃখ বাকি নাই।
দেখিয়া দয়ালু গুৰু দয়া বহলাই॥৯২॥
কলে তুমি যাই কবা তোমাৰ সখিক।
চৌষষ্টি নৰক নাম লেখি দিয়া মোক॥৯৩॥
লেখাত যেতিয়াতিনি কুৰি চাৰিখন।
হবতাৰ উপৰেদি কৰিবা ভ্ৰমণ॥৯৪৷।
কবা সখি এই মই চৌষষ্টি নৰক।
ভ্ৰমন কৰিলোঁ এবেদোষ ক্ষেমিয়োক॥৯৫॥