পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শ্ৰীভজন বিলাস পদ্ধতি।


তৈৰপৰামাত লগাই অৰ্জ্জুনত কয়।
কিসক আসিছা বাপা দেখিছানে ময়॥৭৬॥
যাবলৈ নোৱাৰু কোৱাকিবা অথন্তৰ।
দুৰহন্তে দেখি মোৰ কপিছে অন্তৰ॥৭৭॥
অৰ্জ্জুনে বোলয় প্ৰভু আগেদি আমাৰ।
অলপতে গৈছিলা যি মাছ বেছিবাৰ॥৭৮॥
সেই দিন মই বহু লোকৰ মাজত।
আছিলোঁ নগলোঁ কৰি বাৰ দণ্ডবত॥৭৯॥
এই অপৰাধে মোৰ চৌষষ্টি নৰক।
ভোগিবা বুলিয়া কৃষ্ণে কহিলেক মোক॥৮০॥
হুইনুই ইকথাৰ সন্দেহ ভঞ্জন।
কৰিব পঠালে সখি আপুনাৰ থান॥৮১॥
যদি সত্য হয় তেবে এই অধমক।
হিত উপদেশ দিয়া দোষ ঢাকিয়োক॥৮২॥
গুৰু কলে মিছানহে সাক্ষাতে কৃষ্ণক।
ৰাতি দিনে দেখি আছা তথাপি পাতক॥৮৩॥
কিনু বিপৰীত কথা সুধি আহাগই।
তেবেসে উপায় দিব পাৰিবোঁহু মই॥৮৪৷।
গুৰু আজ্ঞা পাই ধনঞ্জয় চলি গৈলা।
কৃষ্ণৰ আগত সব বৃতান্ত কহিলা॥৮৫৷।