পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
শ্ৰীভজন বিলাস পদ্ধতি


এই মনে ৰাজ সভাসম্মুখে দি যাই।
দেখি কৃষ্ণে অর্জ্জুনক সম্বুধি মাতই ॥৬৬॥
হেৰাসখি যিগুৰুৰ কথা কৈছিল।
গৈলা সেই গুৰু দেখোঁ বসিয়া থাকিলা ॥৬৭॥
যতে ততে গুৰুক সাক্ষ্যাত যদি পায়।
অষ্টাঙ্গে পৰিব লাগে সাধু শাস্ত্রে কয়॥৬৮॥
গুৰিকে নগলা আৰ প্ৰণামৰ কথা।
নকওঁ দেখিলোঁ। যেন নতুন ব্যবস্থা ॥৬৯॥
অর্জ্জুনে কহিলা বহু লােক থকা দেখি।
মন্দবলি বৰভয়ে নগলোঁহু সখি ॥৭০॥
কৃষ্ণে বলে এই পাপে চৌষষ্টি নৰক।
ভােগিব লাগিব সখি পৃথক পৃথক ॥৭১॥
শুনিয়া অৰ্জ্জুনে মনে বৰ ভয় পাই৷
কি হব বুকৰ সখি কি কৰু উপাই ॥৭২॥
শ্রীকৃষ্ণ কহিছে তুমি গুৰু সমীপত।
যােৱাতেওঁ দিব ইকথাৰ যি সম্মত ॥৭৩॥
হেন শুনি গৈলা পাছে কুন্তিৰ নন্দন।
বিচাৰিয়া পাইলা যাই গুৰু দৰশন ॥৭৪॥
তেঠেকানি বাৰি বান্ধি পানীৰ মাজত।
জালধৰি বহি আছে তাৰ উপৰত ॥৭৫॥