পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
শ্ৰীভজন বিলাস পদ্ধতি


মুৰত পাগৰি বান্ধাহাতত টকন।
একান্দিয়া কান্ধে মাছ কৰিয়া বহন॥ ৫৬॥
মুখত তাম্বুল লাহে লাহে পগলাই।
পৰদিন সেই পিনে ৰজাৰ লৈয়াই ॥৫৭॥
দেখিয়া অৰ্জ্জুনে আসি সমীপ ছাপিলা ।
তুমি মােৰ গুৰু বুলি কহিবে লাগিলা॥৫৮॥
প্রতিজ্ঞা কৰিছোঁ কালিযাকে লগপাওঁ।
তাকে গুৰু মানি এই জীবন কটাওঁ ॥৫৯॥
চড়ালে কহিছে বাপা দিনে জাল পাতি।
মাছ মাৰি ভাত খাওঁ মইহীন জাতি ॥৬০॥
গুৰুৰ নিয়মকিবা কবানৰু তাক।
এৰি দিয়া যাওঁ মই মাছ বেছিবাক ॥৬১॥
তথাপি নুশুনে কথা পাণ্ডুৰ তনয়।
বলে উপদেশ দিয়া হইয়া সদয় ॥৬২॥
এৰাবণােৱাৰি মন্ত্র কানত জপিয়া।
দিয়া চলি গৈলা মাছ বেছিব লগিয়া ॥৬৩॥
আছে কত দিন কাকোকায়াে দেখাদেখি ।
নাই গুৰু শিষ্য নিজ মনতে উপেখি ॥৬৪॥
পৰে একদিন গুৰু আগৰ নিচিনা।
চল কৰি বজাৰত কৰু বিকাকিনা ॥৬৭॥