পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
শ্ৰীবৎস চিন্তাৰ বনবাস।


পুন ৰাজা বলে জাশ সৈন্য আয়োজন।
শ্ৰীবৎস কহয় দেয় নাহি প্ৰয়োজন॥
দক্ষিন সাগৰ পাৰে আমাৰ নগৰ।
সেনা হাতি জাইতে নপাৰে অস্ববৰ॥ ৩৫৬
ৰাজা বোলে কি মতে যাইবা তুমি তথা।
শ্ৰীবৎস কহন্ত ৰাজা সহায় দেবতা॥
তাল বেতালক ৰাজা কৰিলা স্মঁৰণ।
স্মঁৰন কৰেন্তে আসিলন্ত দুইজন॥ ৩৫৭
সম্ভৰে প্ৰনামি ৰাজা উথিলা ৰথত।
চিন্তা ভদ্ৰা দুই ভাৰ্য্যা বসিলা কাসত॥
সাৰথি বৈসন্ত ৰথে দুই দেৱ মুৰ্তি।
বায়ুবেগে জান্ত ৰথ অপ্ৰমিত গতি॥ ৩৫৮
নিমিষে চলিলা দস হাজাৰ যোযন।
তালক পোছস্ত হোৱে এহি কোন স্থান॥
বুলিলন্ত এহি ৰম্য সুৰভী কানন।
অনন্তৰে পশিলন্ত কাঠুৰি ভুবন॥ ৩৫৯
তাল কহে মহাৰাজ দেখোক নয়নে।
পোৰামিণ ভাষে জলে এহি সব স্থানে॥
ভাঙ্গা নাৱে আসি সনি কণ্ঠা হৰিনীল।
চক্ষুৰ নীমিষে সেহি থান আন্তৰিল॥ ৩৬০
প্ৰবেস কৰন্ত পাছে আপোন নগৰ।
ৰবহন্তে ৰাজা ৰাণী নামে তিনি জন॥