পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
শ্ৰীবৎস চিন্তাৰ বনবাস।


এত হন্তে ক্ৰোধিলন্ত সনি মহাসয়।
ৰাজ্যত ঘতাইলে মোৰ অসেষ প্ৰলয়॥ ৩২৪
তেজি ৰাজ্য ভাৰ্য্যাসনে খপি বন বাস।
মৰনতোধিক ক্লেশ প্ৰান মাত্ৰ সেষ॥
চিন্তাকো হৰাইলো পাছে সনিৰে মায়াঁতে।
এতেক দুৰ্গতি মোৰ লেখিলে ললাতে॥ ৩২৫
জামাতাৰ মুখে শুনি এতেক ভাৰতী।
আথে বেথে বাহু ৰাজা উথি শীঘ্ৰগতি॥
কৰিলন্ত যোৰ হাতে অনেক স্তবন।
খেমিবা আমাৰ দোষ অজ্ঞাত কাৰন॥ ৩২৬
পূৰ্ব্ব জন্মাৰ্জিত পুন্য আমাৰ আছিল।
তেকাৰনে ভদ্ৰা কন্যা তোমাক বৰিল॥
সাৰ্থক সেবিলে গৌৰি আমাৰ নন্দিনী।
জিৱাইৰ কাৰণে আমি ধন্য বুলি মানি॥ ৩২৭
ধন্য মোৰ বংশে ভদ্ৰা কন্যা জনমিলে।
তোমা হেন পুন্যনীধি ঘৰে মিলাইলে॥
কাতৰ হৃদয়ে বাহু পৰিল ধৰনি।
শ্ৰীবৎস বোলয় দেৱ সুনা মোৰ বাণী॥ ৩২৮
আমাক এতেক ভক্তি উছিত নোহয়।
তৰিতে কৰহ ৰাজা মোহোৰ উপায়॥
নাৱৰ ভিতৰে চিন্তা আছে নৰবৰ।
শীঘ্ৰ কৰি মোৰ ভৰ্য্যা কৰিও উদ্ধাৰ॥ ৩২৯