পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
শ্ৰীবৎস চিন্তাৰ বনবাস


পোচন্ত সুৰভ বাপু তুমি কোন জন।
ঘোৰ বনে ভ্ৰমিফুৰাঁ কিসৰ কাৰণ॥
হেন শুনি শ্ৰীবৎস কৰিলা নিবেদন।
আমাৰ দুৰ্গতি মাৱ নজায় বৰ্ন্নন॥ ২২৪
শ্ৰীবৎস আমাৰ নাম অবনিৰ পতি।
কৰিছে শনিয়ে মোক হেনয় দুৰ্গতি॥
পিতৃৰাজ্য প্ৰাগ্ব্যদেশ কৰিলো পালন।
কত কালে ভৈল আসি বিপদ কাৰণ॥ ২২৫
বিচাৰ কৰিলোঁ আমি ন্যায়শাস্ত্ৰ ধৰি।
বিপৰিত বুঝি শনি ভৈল মোৰ ঐৰি॥
ৰাজ্যভাৰ সকলো কৰিলে শনি নস্ত।
ভাৰ্য্যাৰ সহিতে পাছে পশি অৰণ্যত॥ ২২৬
আসেস ক্লেশতে বনে বঞ্ছি দুই জনে।
হৰুয়াইলোঁ ভাৰ্য্যা শেষে বিজন কাননে॥
সম্ভেদ নপাও মোৰ চিন্তা গুনৱতি।
মৰন্তে জিৱন্তে কিবা আছে কোন ভিতি॥ ২২৭
সুৰভী বোলন্ত বাপু অদৃষ্টৰ গতি।
আমাৰ আশ্ৰমে তুমি কৰাহাঁ বসতি॥