পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
শ্ৰীবৎস চিন্তাৰ বনবাস।

পান্দৱৰ পাঞ্চ ভ্ৰাতা দ্ৰুপদজিয়াৰি।
চক্ষুয়ে লোতক বহে পাক সুমৰি॥
দুশাসন পাসন্দৰ কৰ্ম্ম যেন মত।
চিন্তাৰ সদৃস দেখি দ্ৰৌপদি কান্দন্ত॥ ২১০
জানি জ্ঞানি জনে সুদ্ধ চিত্বে লোৱানাম।
সুনিৰ্ম্মল হৌক দেহা বোলা ৰাম ৰাম॥


ত্ৰিপদি।

কাতৰ হৃদয় অতি,   শ্ৰীবৎস ধৰনি পতি
  নাৰিগণে জিজ্ঞাসন্ত গৈয়া।
কহ তোৰা সমাচাৰ,   কৈক গৈল চিন্তা মোৰ
  অদৰ্শনে ফাতি জাই হিয়া॥ ২১১
খুধা তৃষ্ণা অনাহাৰ,   তাতো দুঃখ নাহি মোৰ
 চিন্তাৰ বিচ্ছেদে পুৰি মঁৰো।
মোহোৰ কৰ্ম্মৰ পাষে,   ৰাজ্য তেজি বনবাসে
  কোন সতে ইটো প্ৰাণ ধৰোঁ॥ ২১২
ৰাজাৰ কাতৰ বাণী,   নাৰিগণে কহে সুনি
  অহে ধীৰ পন্দিত সুজন।
সদাগড়ি একজন,   নৌকা কৰি আৰোহন
  উপনীত বাণিজ্য কাৰণ॥ ২১৩