এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
শ্ৰীবৎস চিন্তাৰ বনবাস।
অভয় অভয় বুলি বাণি নিঃসৰিলা।
চিন্তা সতী ৰুপ সুৰ্জ হৰণ কৰিলা॥ ২০৪
স্মঁৰণ কৰিলে পুন পাইবা দিব্য কান্তি।
কত দিন অন্তে লভি বাহা নিজ পতি॥
তেতিখনে ভৈল দেহা জঁসী নিৰ প্ৰাই।
দেখন্তে কুবৃতী আৰু চিনন নজাই॥ ২০৫
চিন্তা দেবী ৰুপ যেবে কৰিলা হৰণ।
অত্যন্ত কুৰুপ দেহা ভৈলন্ত তেখন॥
অনন্তৰে নৌকাত ৰহিলা চিন্তা সতী।
দখিন সাগৰে সাধু জান্ত শীঘ্ৰগতি॥ ২০৬
তথাত কানন হন্তে নৃপতি আসিলা।
শুন্য ঘৰ দেখি মনে বিস্মঁয় মানিলা॥
অথিৰ অবিৰ ভৈল নেদেখি চিন্তাই।
কৈতনো আচস চিন্তা ফুৰে গেড়িয়াই॥ ২০৭
কাথুৰিয়া ঘৰে ঘৰে খুজিবে লাগিল।
শুন্য ঘৰ আছে মোৰ চিন্তা কৈক গৈল॥
কৈতনো আচস প্ৰিয়ে দেশ সমিধান।
ভোক পিয়াহতে মোৰ জাই জেন প্ৰাণ॥ ২০৮
চিন্তা চিন্তা ৰাও বান্ধি ক্ৰন্দন কৰন্ত।
দাৰুন বিচ্ছেদ শেলে পৰি মুৰ্চ্ছা জান্ত॥
অসাৰ সংসাৰ, জানি মুনুষ্যৰ ভাগে।
পৰকাল হেতু হৰি চিন্তিবাক লাগে॥ ২০৯