পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
শ্ৰীবৎস চিন্তাৰ বনবাস।

খলমতি মন্দকাৰি দুস্ত মহাজন।
পুৰ্ব্বতো এতেক মই নজানো কাৰন॥
নুসুনিলো স্বামী হাক কিন্তু মন্দ মই।
হেন মন্দ মতি পাপি মৰিবে যুৱাই॥ ১৯৯
ৰাজ্য হানি ভৈল তাতো নকৰিলো খেদ।
বনবাস সংকততো নভৈলা বিচ্ছেদ॥
দুখুনী অভাগি মই কুলক্ষণী বিনে।
জানো তেজিবন্ত প্ৰাণ স্বামী ঘোৰ বনে॥ ২০০
কোনেবা জনাব ইটো অথন্তৰ কথা।
হাঁয় হাঁয় নিদাৰুন লেখিলি বিধতা॥
পৰি মুৰ্চ্ছা জান্ত চিন্তা স্বামী স্বামী বুলি।
অতি ভয়ে সাধু পাছে ধৰিলন্ত তুলি॥ ২০১
এক পাষে ৰহে সাধু একোকে নমাতি।
আজি সপিবন্ত বুলি ক্ৰোধে চিন্তা সতী॥
চেতন লভিয়া ৰাণী দেখন্ত আন্ধাৰ।
মুখে উচ্ছাৰন্ত মাত্ৰ দেৱ গদাধৰ॥ ২০২
হে,-সুৰ্জ দিনপতি প্ৰনামো চৰনে।
তুমি দেখি আঁচা প্ৰভু আকাশ গমনে॥
দয়া কৰ দিননাথ দেৱ বিশ্বপতি।
মোৰ ৰুপ হৰি প্ৰভু দিয়াঁকু আকৃতি॥ ২০৩
অনেক প্ৰকাৰে স্তুতি কৰিলা বিস্তৰ।
তেবেতো প্ৰসন্ন ভৈলা আদিত্য ভাস্কৰ॥