পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
শ্ৰীবৎস চিন্তাৰ বনবাস।

নাহি কন্ত পানি তৈত সুস্ক বালিময়।
শুবধ ভৈলন্ত যেন সঁপোন দেখয়॥ ৯৯
তেবে জানিলন্ত ইতো সনি মায়াধাৰি।
ছল কৰি নিলে মোৰ সব ধন হৰি॥
হাত হন্তে নিলে কাঢ়ি সনি দুৰাচাৰ।
ধিক মোৰ জীৱনত ধিক সতবাৰ॥ ১০০
সাক্ষাতে দেখিলা চিন্তা শনিৰ ছলনা।
ভয়তে কাম্পঁয় অঙ্গ সহজে ললনা॥
মনে খেদ কৰি ৰাজা কাননে ভ্ৰময়।
কণ্টক কাননে চিন্তা সুকুমল কায়॥ ১০১
মন্দাৰ ফুলিছে যেন বসন্ত কালত।
হেনমতে ৰুধিৰ বহয় শৰীৰত॥
সুৰুজ উদয় চিন্তা চাহিয়া দেখিল।
সোকৰ অগনি আৰু দুগুনে জলিল॥ ১০২
উছুপী উছুপী কান্দে চিত নোহে সান্ত।
নেত্ৰৰ লোতকে সৰ্ব্ব গাৱ বহি যান্ত॥
তিন দিন তিনি ৰাতি হেন মতে গৈল।
নাহি অন্ন পানি ফল মুলকো হৰিল॥ ১০৩
সেহি বন এড়ি য়ান বনত চলিলা।
কতো দুৰ জান্তে এক সৰোবৰ পাইলা॥
দেখিলন্ত আৰু তৈতে সুফল বদৰি।
তাহাকো আনিলা ৰাজা নিজ বস্ত্ৰে ভৰি॥ ১০৪