পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীবৎস চিন্তাৰ বনবাস।

আপদ বিপদে নাৰী স্বামীক তেজয়।
প্ৰতিব্ৰতা ধৰ্ম্ম তাৰ কিমতে থাকয়॥ ৭৮
আপোনি সৰ্ব্বজ্ঞঁ নাথ নকৰা নৈৰাশ।
অবন্যতো ধিক মোৰ পিত্ৰি গৃহে বাস॥
তোমাৰ চৰনে দেৱ এহি ভিক্ষা কৰোঁ।
লগতে নিয়োক দাসি দান্তে তৃন ধৰোঁ॥ ৭৯
যদি চাৰি জাস নাথ গলে দিবো কাতি।
এহি বুলি কান্দিবে লাগিলা চিন্তাসতী॥
কণ্ঠৰো নোলাৱে আতি বাক্য গদ গদ।
দাৰুন শোকত নৃপ হিয়া ভেদি লন্ত॥ ৮০
সাবতি ধৰিয়া স্নেহে কোলাত বসাইলা।
থাকিওক বুলি কত মতে বুজাইলা॥
একো মতে নোয়াৰি কৰিবে চিত থিৰ।
আদেস দিলন্ত পাছে দুঃখিত অন্তৰ॥ ৮১
বস্ত্ৰ দিয়া কাণ্ঠা এক কৰাঁ গুনৱতী।
তাৰ মাঝে ধন ৰত্ন ৰাখা শীঘ্ৰগতি॥
আপদ বান্ধৱ ধনে সহাই কৰিব।
বস্ত্ৰ মাঝে থাকিবন্ত কেহো ন জানিব॥ ৮২
যাদৱ বদতি হেৰা ধৰ্ম্মৰ নন্দন।
অনন্তৰে কাঁণ্ঠা এক কৰিলা নিৰ্ম্মান॥
বহুমুল্য অল্প ভাৰ কাঞ্ছনৰ মনি।
হীৰা মৰকত দিয়া গঠিলন্ত ৰানী॥ ৮৩