পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীবৎস চিন্তাৰ বনবাস।

কিন্তু সত্য বিনে, অসত্য ন কৈব,
 সবেও কৰ্ম্মৰ ফল॥ ৪২
বৈকুণ্ঠৰ নাথ, কমলাৰ পতি,
 হৰি বিনে নাহি য়ান।
জাক জিবা কৰে,  খন্দাব নোয়াৰে,
 ৰাখে বা মাৰে পৰান॥
হেন মতে খেদ, কৰি য়বিচদ,
 সৰ্য্য়াত সুতিয়া আছে।
আকৰ্ষিল নীন্দ্ৰা,  চিন্তা দুৰ ভৈলা
 সপ্নত দেখিলা পাছে॥ ৪৩
অৰ্দ্ধ নীশা যোগে, সপ্নত দেখয়,
 সভাত আচত্ত বসি।
দক্ষিনতে লক্ষ্মী, সুবৰ্ণ আসনে,
 প্ৰকাস কৰন্ত হাঁসি॥ ৪৪
দেবিৰ বামত, ৰজতে নিৰ্ম্মিত,
 আসনে আচন্ত শনি।
মহা আদম্বঁৰে পাৰিসদ সমে,
 বসি আছে নৃপমনি॥ ৪৫
লক্ষ্মিয়ে ৰজাক,  পুছিবে খোজন্তে,
 নিদ্ৰাহন্তে জাগ পাইলা।
হৰিক সুমৰি, দন্দ দুই মান,
 সৰ্য্য়াত বসিয় ৰৈলা॥৪৬