বিষ্ণু মন্দিৰ নিৰ্ম্মাণঃ—নানান সৎ অনুষ্ঠান কৰি অৱশেষত ৰজাই এটি বিষ্ণু মন্দিৰ সজাবলৈ সঙ্কল্প কৰিলে। দেশ দেশান্তৰৰ পৰা কলাশিল্পী, ৰাজমিস্ত্ৰী, বাঢ়ৈ, সুতাৰ আনি মন্দিৰটি বাছক বনিয়াকৈ সজাব ধৰিলে। বিশ্বকৰ্ম্মাৰ অনুগ্ৰহত মন্দিৰ সুন্দৰ ৰূপে গঠিত হবলৈ ধৰিলে। গঠনৰ লগে লগে মন্দিৰৰ সৌন্দৰ্য্য উপচি পৰিল। ৰজাই মন্দিৰৰ অপৰূপ সৌন্দৰ্য্য দেখি আনন্দত বিভোল হল। যেনে সুন্দৰ মন্দিৰ তেনে সুন্দৰ বিষ্ণু-মূৰ্ত্তি স্থাপন কৰিব পাৰিলেহে সকলো সৌন্দৰ্য্যৰ সামঞ্জস্য অটুট থাকিব। গতিকে মন্দিৰ অনুসৰি সৌন্দৰ্য্যময় বিষ্ণুমূৰ্ত্তি স্থাপন কৰাই হল ৰজাৰ চিন্তা। ৰজাৰ একান্ত চিন্তা হল বিষ্ণু-মূৰ্ত্তি সাজে কেনেকৈ। ৰজাৰ চিন্তাত পেটত ভাত নাযায়, ৰাতি টোপনি নাহে। ভক্তৰ অধীন ভগৱন্ত বিষ্ণুদেৱে ৰজাক স্বপ্নত দৰ্শন দি কবলৈ ধৰিলে “হে মহাৰাজ চিন্তা নকৰিবা। তুমি মোৰ পৰম ভক্ত। মোৰ সনাতনী মূৰ্ত্তি নিশ্চয় পাবা। কালি ৰাতি পুৱাই নীল সাগৰৰ তীৰলৈ যাবা। সাগৰৰ তীৰত এডাল কাঠৰ থুম দেখা পাবা। সেই কাঠত শঙ্খ, চক্ৰ, গদা, পদ্ম আৰু সুদৰ্শন চক্ৰৰ চিন দেখিবলৈ পাবা। তুমি নিজে এখন কুঠাৰ লৈ এই চিন থকা কাঠ ডোখৰ কাটি মোৰ মূৰ্ত্তি সাজিবা।” স্বপ্নও ভাঙিল; ৰজাৰো টোপনি অন্ত হল, নিশাও শেষ হল।
দাৰু বৃক্ষঃ— ৰাতি পুৱাল, ৰজাৰ আনন্দ চায় কোনে। পূবে বগা দাঁৰ দিওঁতেই হাতত কুঠাৰ লৈ সাগৰৰ পাৰলৈ আহিল। স্বপ্নৰ নিৰ্দ্দেশমতে সাগৰৰ তীৰত কাঠৰ থুম দেখা পাই কুঠাৰেৰে '