পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীক্ষেত্ৰ।


পুৰুষোত্তম ক্ষেত্ৰৰ নামত ৰজাৰ শৰীৰ ৰোমাঞ্চিত হল আৰু লগতে নতুন ভাৱৰ জাগৰণ হল। এনেতে ৰজাই শুনিবলৈ পালে “হে মহাৰাজ তুমি যি ভাবিছাঁ সঁচা। এই পুৰুষোত্তম ক্ষেত্ৰই বিষ্ণুদেৱৰ পূজাৰ প্ৰকৃত স্থান। এই ঠাই শঙ্খৰ নিচিনা। নীলবৰ্ণ সাগৰে প্ৰায় চাৰিওফালে আগুৰি আছে।” ইয়াৰ মাজতে নীলমাধৱ স্বয়ং বিৰাজ কৰি আছে। ৰজাৰ চিন্তা নোহোৱা হল। পুৰুষোত্তম ক্ষেত্ৰলৈ যাব আয়োজন কৰিবলৈ ধৰিলে। ৰাওনা হোৱাৰ আগেয়ে ৰজাই তেওঁৰ পুৰোহিতৰ ভায়েক বিদ্যাপতিক নীলমাধৱৰ স্থান দৰ্শন কৰিবলৈ পঠিয়ালে। বিদ্যাপতিয়ে বহু কষ্ট কৰি অক্ষয় বটৰ তলত নীলমাধৱক দৰ্শন কৰি উলটি আহিল। কি আচৰিত কথা; বিদ্যাপতিও উলটিল; সাগৰৰ ঢৌৱে নীল- মাধৱকো বালিৰে পুতি তল কৰি থলে। ৰজাই বিদ্যাপতিৰ মুখত নীলমাধৱৰ বৃত্তান্ত শুনি সপৰিয়ালে পুৰুষোত্তম ক্ষেত্ৰলৈ সমাৰেহেৰে যাত্ৰা কৰিলে। এদিন দুদিনকৈ ৰাজ পৰিয়াল পুৰুষোত্তম ক্ষেত্ৰ পালেহি। নীলমাধৱ বালিৰ তলত লুকাই থকা শুনি ৰজা মুৰ্চ্চা গল। অৱশেষত দৈববাণীক স্মৰণ কৰি নীলমাধৱ দৰ্শনৰ উপায় ভাবিবলৈ ধৰিলে। এনেতে নাৰদৰূপী ভগৱন্তই ৰজাক আশ্বাস দি বুজাবলৈ চেষ্টা কৰিলে। নাৰদৰ কথামতে ৰজাই শ্ৰীক্ষেত্ৰত নানান ধৰ্ম্ম কাৰ্য্য আৰম্ভ কৰিলে। সহস্ৰ অশ্বমেধ যজ্ঞ পাতিলে। ব্ৰাহ্মণ সজ্জনক দান দক্ষিণা দিলে। দুখী দীন দৰিদ্ৰক অন্ন-জলৰ সংস্থান কৰি দিলে। ৰাজ্যৰ অপায় অমঙ্গল দূৰ কৰিলে।