নাটকৰ দৃশ্য দেখিলোঁ। গয়াতীৰ্থৰ দৃশ্য অতি মনোহৰ। আমি পুৰীত সাগৰৰ ওপৰত ঢৌ দেখি আহিলোঁ। কিন্তু কলিকতাৰ থিয়েটাৰৰ দৃশ্যত সাগৰৰ তলখনৰ দৃশ্য দেখি আচৰিত হলোঁ। সাগৰৰ মাছ ঘৰীয়াল কুম্ভিৰ, শামুখ, মণি, মুক্তা, পোৱাল, কড়ি আৰু নানান্, জীৱজন্তুৰ দৃশ্য দেখি বৰ আনন্দ পালোঁ। আকৌ এদিন কথা-ছবি চালোঁ। এইদৰে নানা স্থান আৰু আমোদ-প্ৰমোদ দৰ্শন কৰোঁতে সময় শেষ হল। ইয়াতো আহিৰৰ সময়ত লৰাছোৱালীহঁতে নিজ নিজ অভিৰুচি মতে কিবা কিবি বস্তু কিনিলে। আহিবৰ সময়ত হোটেলত মুঠতে ৫২৲ টকা দি ৰাওনা হলোঁ। ১৯ জুন শনিবাৰে ঘৰৰ পৰা ওলাই গৈ প্ৰভুৰ ইচ্ছাত ২৪ জুলাই শনিবাৰে ঘৰৰ সকলোটি প্ৰাণী নিৰাপদে নিজৰ ঘৰ পাই মহা আনন্দ লাভ কৰিলোঁ। লগত অলপ অচৰপ জগন্নাথৰ প্ৰসাদ আৰু পুৰীৰ স্মৃতি স্বৰূপে সৰু সৰু থাল কেইখনমান অনা হৈছিল। সেই থালত অলপ অলপ মহাপ্ৰসাদ বন্ধু-বান্ধৱ আত্মীয় স্বজন সকলক বিতৰণ কৰি আমাৰ শ্ৰীক্ষেত্ৰ দৰ্শনৰ সকলো কৰ্ম্ম শেষ কৰা হল।
শ্ৰীক্ষেত্ৰ দৰ্শনৰ কৰ্ম্ম শেষ হল সচাঁ, কিন্তু মনৰ ভিতৰত যি ভাৱ পালোঁ, অন্তৰত যি আনন্দ পালোঁ, হৃদয়ত যি শান্তি পালোঁ, সি সকলো সময়তে আনন্দৰ বস্তু আৰু পৰমাৰ্থৰ বস্তু হৈ থাকিল। হে প্ৰভু জগন্নাথ, তোমাক আকৌ নমস্কাৰ কৰোঁ, আকৌ সহস্ৰ বাৰ প্ৰণাম কৰোঁ, কাকুতি কৰোঁ