ভোজনৰ দিহা কৰা হল। ভোজনৰ সময় নোহোৱা দেখি আমি লোকনাথ মন্দিৰ দৰ্শন কৰিবলৈ গলোঁ। লোকনাথ মহাদেৱ গঙ্গা কুণ্ডত দুবি থকা দেখিলোঁ। কুণ্ডটি ফুল চন্দন মালা নৈবেদ্যই ভৰি মনোহৰ শোভা ধাৰণ কৰিছে। লোকনাথ দৰ্শন কৰি ব্ৰহ্ম ভোজনৰ দিহাত লাগিলোঁ। মহাপাত্ৰ, পাণ্ডা, গোমস্তা, ব্ৰাহ্মণ, সজ্জন, ভকত বৈষ্ণৱ আদি প্ৰায় ৪০/৫০ জন বাপু ভকতক মহাপ্ৰসাদৰ ভোজনী দিয়া হল। পুৰীৰ নিয়মমতে জাতি নিৰ্ব্বিশেষে সকলোৱে প্ৰসাদ গ্ৰহণ কৰিব ধৰিলে। মাজতে প্ৰসাদ লোৱা হাততে ব্ৰাহ্মণ চাই চাই শক্তি অনুসাৰে দক্ষিণা দিয়া হল। দক্ষিণা গ্ৰহণ কৰি ভোজন শেষ কৰিলে। পিচে সকলোৱে আমাক আশীৰ্ব্বাদ কৰি ঘৰঘৰি গল। এই ভোজন বিহাৰত মাত্ৰ ৭্ টকা ৰূপ খৰচ হল।
এইদৰে ধৰ্ম্ম কৰ্ম্ম কৰি থাকোঁতে ১৫ দিন সময় কেনি গল কবই নোৱাৰিলোঁ। স্নানৰ পৰা ১৫ দিনৰ দিনা জগন্নাথৰ নব- যৌবনৰ সময় উপস্থিত। নবযৌবন ধাৰণ কৰি ১৫ দিনৰ পাচত প্ৰভু জগন্নাথে ৰাইজক দৰ্শন দিলে। অসংখ্য লোকৰ সমাগম হল। ভিৰৰ ভয়ত পাণ্ডাই আমাক পুৱা বেলা নানি ভাটিবেলা আনাৰ বন্দৱস্ত কৰিলে। কিন্তু মোৰ মন স্থিৰ থাকিব নোৱাৰিলে। নবযৌবনৰূপ দেখোঁ বা নেদেখোঁ ভিৰকে চাম বুলি মই অকলে অকলে মন্দিৰলৈ আহিব ধৰিলোঁ। আধা মাইল বাটৰ পৰা ভিৰ দেখি মই বিস্ময় মানিলোঁ। ভিৰৰ মাজেদি গৈ গৈ কোনো মতে সিংহদ্বাৰ পালোঁ। সিংহদ্বাৰৰ সমুখত ইমান ভিৰ যে মোৰ আৰু