পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
শ্ৰীক্ষেত্ৰ।

চোতাল পাকমাৰি চাই চিন্তি ভোগমণ্ডপত সোমালোঁ। ভোগ মণ্ডপ দৰ্শন কৰাত সত্ৰ ভোগৰ কথা মনত পৰিল। সত্ৰভোগ মহাত্ম্যত মুগ্ধ হৈ আতিকা বন্ধনৰ কথা ওলাল। মোতকৈ মোৰ পৰিবাৰৰ হে আতিকা বন্ধনৰ ভাৱ প্ৰৱল হল। এনেতে শ্ৰীযুত বসুদেৱ মহাপাত্ৰৰ দৰ্শন পোৱা হল। আমাৰ মনোবাঞ্ছা ভাঙি কোৱাত মন্দিৰৰ পঞ্চায়ত বহা বৈকুণ্ঠ মণ্ডপত তেখেতেৰ গোমস্তাই আমাক সকলোটিকে বহুৱালে। তেখেতৰ দিহামতে প্ৰথমে শ্ৰীযুত বাসুদেৱ মহাপাত্ৰক ৰূপ দুটকা দি সস্ত্ৰীক পুৰোহিত বৰণ কৰিলোঁ। এয়ে হল চৰণ পূজা। তাৰ পাচত ১০১্‌ টকাৰ এটি আতিকা বন্ধন কৰা হল। আতিকা বন্ধনৰ লগে লগে মোৰ তিনি পুৰুষৰ নাম ধাম ৰেজিষ্টাৰ বহীত লিখি ললে। কাকতীয়ে দুটকা ললে আৰু ব্ৰাহ্মণ মণ্ডলীয়ে ১্‌ টকা দক্ষিণা ললে। মুঠতে ১০৪্‌ টকাত আতিকা বন্ধনৰ কাম অন্ত হল। মন্দিৰৰ মোহৰ মাৰা পকা ৰছিদ মোক দিলে। এই ৰচিদত টকাৰ পৰিমাণ আৰু ভোগৰ পৰিমাণ সকলো বিতংকৈ লিখা আছে। এই আতিকা বন্ধন কৰাত পাণ্ডাই আমাক জোৰ কৰা নাই। আমি নিজ ইচ্ছামতেহে কৰিলোঁ। কাৰণ এই আতিকাৰ ধনেৰে চিৰকাল মহাপ্ৰভু ওচৰত ভোগ নিবেদিত হব আৰু লগতে সত্ৰ ভোগ বিতৰণৰ সময়ত সকলো সমূহ ৰাইজেও গ্ৰহণ কৰিব। গতিকে ঈশ্বৰ সেৱাৰ লগে লগে জীৱ সেৱাও কৰা হব। এনে ভাবতহে আতিকা বন্ধন কৰা হল।

 তাৰ পাচত প্ৰভুক প্ৰণাম কৰি পাণ্ডাৰ বাঁহালৈ আহি ব্ৰহ্ম