পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
শ্ৰীক্ষেত্ৰ।

নাট মণ্ডপত গড়ুৰ স্তম্ভৰ ওচৰত এটা শিলৰ পাট খোটাত শ্ৰীশঙ্কৰ দেৱৰ হাতৰ আঙুলিৰ চিনো পাণ্ডাই দেখুৱালে। ঘিউৰ বন্তি এগছ লৈ পাণ্ডাই আঙুলিৰ চিন কেইটা আৰু ভালকৈ দেখুৱালে। শ্ৰীশঙ্কৰ দেৱে, শ্ৰীচৈতন্য দেৱ শ্ৰীহৰিব্যাস, শ্ৰীৰামনন্দ, আদি ভক্ত সকলৰ লগত দেৱদাসী সকলৰ নৃত্য চাই থাকোতেঁ বাওঁ হাতৰ মধ্যমা, অনামিকা আৰু কনীষ্ঠা আঙুলিৰ চিন শিলৰ পাতত বহে। এই চাৰিজনা মহাপুৰুষে নৃত্য চাই থাকোঁতে পৰম তৃপ্তি লাভ কৰে আৰু পৰস্পৰ সদালাপ কৰে। কথা প্ৰসঙ্গত শঙ্কৰ দেৱে মিচিকা মাৰি হাঁহিলে। তেখেতক হঁহা দেখি শ্ৰীচৈতন্য দেৱে কলে, “বাপ আপুনি মহাপুৰুষ হৈ দেৱদাসীৰ নৃত্য দেখি হঁহা শোভন হোৱা নাই।” শ্ৰীচৈতন্য দেৱৰ কথা শুনি শ্ৰীশঙ্কৰদেৱে কলে বাপ আমি নৃত্য দেখি হঁহা নাই। ভোগ ঘৰৰ কাণ্ড দেখিহে হাঁহিছোঁ। ভোগ ঘৰত ভোগৰ অন্ন পাত্ৰ নমাবৰ সময়ত উতলত অন্ন চিটিকি পাণ্ডাৰ হাতত পৰাত পাণ্ডাই কিভাবে চেলেকা মাৰে। এনে ঘটনা দেখিহে হঁহা হৈছে।” শ্ৰীশঙ্কৰ দেৱৰ কথা শুনি ভোগ ঘৰৰ দুৱাৰ মেলাত সকলো কথা প্ৰত্যক্ষ্য দেখা গ'ল। তেতিয়া ভোগ আৰা কৰা বুলি পাণ্ডা জনক সমাজৰ মাজত আনি শাস্তি দিয়ে। শ্ৰীশঙ্কৰ দেৱৰ এনে শক্তি দেখি সকলোৱে আচৰিত মানিলে। তেতিয়া শ্ৰীশঙ্কৰক মহাপুৰুষ বুলি পৰিচয় পাই সকলোৱে জয়ধ্বনি দিলে। সেই সময়তে তেখেতৰ হাতৰ আঙুলিৰ চিন শিলৰ পাত খোটাত বহে। তাৰ পাচত ভিতৰ চোতালত লক্ষ্মী স্তম্ভৰ ওচৰত থকা শ্ৰীশঙ্কৰদেৱৰ পাদপদ্ম দৰ্শন কৰা হল। ভিতৰ