নহয়। লাডু, পিঠা, মালপোৱা, চুজিৰ পৰমান্ন আদিহে ভোগত দিয়া হয়। আমি ভোগৰ কাৰণে ৮।০ অনাৰ এটি আতিকা বন্ধন কৰি প্ৰভূ গোপালক সেৱা কৰোঁ। ইয়াত পাণ্ডাৰ ব্যৱহাৰ দেখি বৰ ভাল লাগিল। সাক্ষী গোপালৰ পৰা ১৫ মাইল মান গলেই ভূবনেশ্বৰ ষ্টেচন পোৱা যায়। এই স্টেচনৰ পৰা ভূবনেশ্বৰ মন্দিৰ ২ মাইল দূবৈত। ইয়াৰ মন্দিৰ ষ্টেচনৰ পৰা সুন্দৰকৈ দেখা যায়। আমি নানান অসুবিধাৰ কাৰণে মন্দিৰলৈ যাব নোৱাৰিলোঁ। কিন্তু পাণ্ডাৰ মুখত সকলো কথা শুনি যাব নোৱাৰি দুখ কৰিলোঁ। ভূবনেশ্বৰ মন্দিৰত হৰিহৰ মূৰ্ত্তি। অৰ্থাৎ এফাল হৰি আৰু আনফালে হৰৰ মূৰ্ত্তি। মন্দিৰৰ কাৰু কাৰ্য্য অতি চমৎকাৰ ইয়াত পাৰ্ব্বতী, মুক্তেশ্বৰ, অনন্ত, বাসুদেৱ আৰু কপিলেশ্বৰ শিৱৰ মন্দিৰো আছে।
এইদৰে শ্ৰীক্ষেত্ৰত থকা প্ৰায় সকলো মঠ মন্দিৰ দৰ্শন কৰিলোঁ। তোতাগোপীনাথ, লোকনাথ, চক্ৰতীৰ্থ, সোণাৰ গৌৰাঙ্গ, সিদ্ধৰকুল, শ্বেত মাধৱ আদিয়েই প্ৰধান মঠ মন্দিৰ। মঠ মন্দিৰ আদি দৰ্শন কৰি থাকোঁতে থাকোঁতে একাদশী তিথি মিলিল। এই একাদশী তিথিত তীৰ্থবাজ সাগৰৰ পাৰত আমাৰ পূৰ্ব্ব পুৰুষ সকলক পিণ্ড দিয়া হল। পিণ্ডৰ খৰচ হল মাত্ৰ ১।০ সিকি আৰু এখন গামোছা। পিণ্ড দি উঠি কাপোৰ কানি সলাই জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ গলোঁ। এজন পাণ্ডা লগত লৈ মন্দিৰৰ ভিতৰ সোমালোঁ, দৰ্শন মণ্ডপ, ধূপ মণ্ডপ, ভোগ মণ্ডপ, জগমোহন মণ্ডপ আৰু আন আন দেৱদেৱীৰ মন্দিৰ সকলো দৰ্শন কৰিলোঁ।