নিজে নিজে গা ধুব পৰা হলোঁ। সাগৰৰ পাৰত ঢৌ চোৱা, শামুখ তোলা, শঙ্খ তোলা কাম হল লৰা ছোৱালীহতৰ কাম। ঢৌৰ লগে লগে সিহঁতৰ নাচন দেখি আমাৰ বেচ আমোদ লাগে। কেতিয়াবা পানীত বাগৰি পৰে; কেতিয়াবা ঢৌৰ লগে লগে দৌৰি নামি যায়। কেতিয়াবা ঢৌ আহি কাপোৰ কানি ভিজাই যায়। ইপিনে আকাশৰ বৰ্ণৰ লগে লগে পানীৰ বৰণ দেখি বৰ ভাল লাগে। সন্ধ্যা আৰু পুৱাৰ দৃশই মনত আনন্দ লগায়।
সাগৰৰ সৌন্দৰ্য্য আৰু মন্দিৰৰ মহাত্ম্যই আমাক এমাহ কাল সাগৰৰ পাৰত মুগ্ধ কৰি ৰাখিলে। এই এমাহ কাল যে কেনেকৈ গল কবই নোৱাৰিলোঁ। ইয়াত খোৱা খৰচ আমাৰ গুৱাহাটীৰ নিচিনা। কেৱল চাউলৰ দৰ বেচি। ইয়াৰ ওজন ১০৫ তোলা সেৰৰ ওজন। আমি মাজে মাজে সাগৰৰ মাছো খালে। কিন্তু বেচি খাব নোৱাৰি। পেটৰ অসুখ কৰে। আমি নিজে ৰান্ধি বাৰি খাইছিলোঁ। সময়ে সময়ে অন্ন ভোগ প্ৰসাদো অনাই খোৱা হৈছিল। বেচি ভাগ নিৰামিষ আহাৰে খালোঁ। আমি পুৰী পোৱাৰ তৃতীয় দিনাই জগন্নাথ দেৱৰ স্নানযাত্ৰা। সময় মতে পাণ্ডা আহি আমাক স্নানৰ দৰ্শন কৰিবলৈ লৈ গল। পাণ্ডাৰ হাতৰ বেৰৰ ভিতৰত সোমাই স্নান মণ্ডপত উঠি প্ৰভুৰ দৰ্শন আৰু স্পৰ্শন কৰা হল। ইমান মানুহৰ ভিৰ যে পাণ্ডাৰ সহায় নহলে যাবই নোৱাৰি। স্নানৰ পাচত ১৫ দিনলৈ জগন্নাথৰ দৰ্শন স্পৰ্শন বন্ধ থাকে। এই সময়ৰ ভিতৰতে আমি শ্ৰীক্ষেত্ৰ নগৰত থকা মঠ