আহিছিল। লৰাহতেঁ বান্দৰৰ খেল চাই থাকোঁতে গধূল হোৱা বুলি কবই নোৱাৰিলে। আমাক অহা দেখি হাঁহি হাঁহি সিহঁতৰ ৰং ধেমালিৰ কথা কলে। সন্ধ্যা সময়ত মন্দিৰলৈ গৈ আৰতি চালোঁ। তাৰ পাচত আমি নিশা ভোগ প্ৰসাদ খাই সেই ঘৰতে থাকিলোঁ ৰাতি পুৱা গা পা ধুই আমি মন্দিৰ দৰ্শন কৰি জল পান খাই ঘোঁৰাৰ গাড়ী এখনত উঠি সাগৰৰ পাৰৰ ভাৰা ঘৰলৈ আহিলোঁ। লগতে খোৱা বস্তুবাৰিও অনা হল।
ভাৰা ঘৰৰ নাম নিভৃত বিনোদ। ভাৰা ঘৰ পাই বস্তুবাৰি ছিজিল কৰি লোৱা হল। বিছনা পত্ৰ পাৰা হল। ঘৰখন বৰ শুৱলা ঠাইত। ঘৰৰ ভিতৰত বহি বহি সাগৰ দেখা যায়। সাগৰ ঢৌ আৰু শব্দ শুনা যায়। অনবৰত হুৰ হুৰকৈ সাগৰৰ বতাহ গাত লাগি থাকে। চাৰিওফালে খোলা। দুৱাৰ খিৰিকি মেলিলেই বিছনাত বা-বতাহ লাগি থাকে। এই ঘৰৰ পাচফালে এজন ঋষিৰ আশ্ৰম। কাষতে এটি মঠ আৰু এখন আশ্ৰম। গতিকে ঠাই ডোখৰ যেনে মনোমোহা তেনে পবিত্ৰ আৰু শুদ্ধ। প্ৰভুৰ কৃপাত এনে স্বাস্থ্যকৰ আৰু পৱিত্ৰ ঠাইখন পাই প্ৰায় এমাহকাল হেলা ৰঙে কটোৱা হল।
মাজে মাজে সাগৰত গা ধোৱা হয়। প্ৰথমে সাগৰত গা ধুব ভয় লাগে। ঢৌৰ প্ৰকোপ দেখিলে পানীলৈ নামি যাব সাহ নহয়। সাগৰৰ পাৰতে এজাতি নুলীয়া মানুহ থাকে। সিহঁতে এটা পইচা দিলেই হাতত ধৰি নিৰাপদে গা ধুৱায়। মই আৰু মোৰ ডাঙৰ দুটি লৰাই ইহঁতৰ সহায়ত প্ৰথমে গা ধোৱা বন্দবস্ত কৰিলোঁ। পিচে